Show/Hide Keyboard Layout

প্ৰথম দেখাতেই

- জিতুল সোণোৱাল

প্ৰথম দেখাতেই ভাবিছিলোঁ বহু কথা

কম বুলি নহ’ল কোৱা

আজিও নহ’ল কোৱা ।

এতিয়া যাবৰ হ’ল আপোন ঘৰলৈ

দূৰলৈ দূৰলৈ দূৰলৈ ।

প্ৰথম দেখাতেই ভাবিছিলোঁ বহু কথা

কম বুলি নহ’ল কোৱা

আজিও নহ’ল কোৱা ।

 

পাওঁ যদি কেতিয়াবা চিনাকি ঘাটত

মইতো নুফুলোঁ আৰু তোমাৰ বনত

তোমাৰো যে নাথাকিব উৰণীয়া মন

মন মোৰ থাকি যাব সপোন ঘাটত ।

পাওঁ যদি কেতিয়াবা চিনাকি ঘাটত

মইতো নুফুলা আৰু তোমাৰ বনত

তোমাৰো যে নাথাকিব উৰণীয়া মন

মন মোৰ থাকি যাব সপোন ঘাটত ।

এতিয়া যোৱাৰ হ’ল আপোন ঘৰলৈ

দূৰলৈ দূৰলৈ দূৰলৈ ।

প্ৰথম দেখাতেই ভাবিছিলোঁ বহু কথা

কম বুলি নহ’ল কোৱা

আজিও নহ’ল কোৱা ।

 

মনত পৰিবনে সোণালী দিনৰ

এটি দুটি বহু কথা নিজান পৰৰ

তোমাক যে পাইছিলোঁ অচিন ঘাটত

দিছিলোঁ যে ঠাই মোৰ হিয়াৰ কাষত ।

মনত পৰিবনে সোণালী দিনৰ

এটি দুটি বহু কথা নিজান পৰৰ

তোমাক যে পাইছিলোঁ অচিন ঘাটত

দিছিলোঁ যে ঠাই মোৰ হিয়াৰ কাষত ।

এতিয়া যোৱাৰ হ’ল আপোন ঘৰলৈ

দূৰলৈ দূৰলৈ দূৰলৈ ।

প্ৰথম দেখাতেই ভাবিছিলোঁ বহু কথা

কম বুলি নহ’ল কোৱা

আজিও নহ’ল কোৱা ।

এতিয়া যাবৰ হ’ল আপোন ঘৰলৈ

দূৰলৈ দূৰলৈ দূৰলৈ ।

 

(প্ৰথম দেখাতেই ভাবিছিলোঁ বহু কথা

কম বুলি নহ’ল কোৱা

আজিও নহ’ল কোৱা ।

আজিও নহ’ল কোৱা ।

আজিও নহ’ল কোৱা ।) ... সুহুৰি

Hits: 2142